CRPF জোৱানৰ কোলাত উঠি আহি ভোট দিলে ৯০ উৰ্ধৰ আইতাই - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : May 7, 2024, 8:59 PM IST

গুৱাহাটী,৭ মে': ৰাজ্যৰ চাৰিটা লোকসভা সমষ্টিত মঙলবাৰে অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দৰেই তৃতীয় পৰ্যায়তো শাৰীৰিক বাধা নেওচি ভোট দিবলৈ ওলাই আহিল বহুজন ৷ লাখুঁটি লৈ, হুইল চেয়াৰত বহি, আৰক্ষী, CRPF জোৱানৰ কোলাত উঠি আহি কেইবাজনো ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ বহু ভোটকেন্দ্ৰত শতিকা গৰকা ভোটাৰেও সাব্যস্ত কৰে ভোটাধিকাৰ ৷ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো দেখা গল অনুৰূপ দৃশ্য ।  

মহানগৰীৰ ফটাশিল আমবাৰী এল পি স্কুল ভোটকেন্দ্ৰত ভোট দিবলৈ এগৰাকী ৯০ উৰ্ধৰ আইতাক কোলাত তুলি লৈ আহিলে এগৰাকী CRPF জোৱানে । ভোটাধিকাৰ সাব্যস্ত কৰি আইতা গৰাকীয়ে কয় "মোৰ গা ভাল নহয়, তথাপি ভোট দিবলৈ আহিছো । ভোট দি দি অভ্যাস হৈ গৈছে, সেয়েহে ভোট নিদিলে ভাল নালাগে ।" আনহাতে মহানগৰীৰ দক্ষিণ বেলতলা হাইস্কুলতো একেই দৃশ্য । লাখুঁটিত ভৰ দি ভোট দিবলৈ আহিল এগৰাকী ৮০ উৰ্ধৰ ককা । উল্লেখ্য যে নিৰ্বাচন আয়োগেও বৃদ্ধ আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্তসকলৰ ভোটদানৰ সুবিধাৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা । 

লগতে পঢ়ক: গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ 'নিৰ্বাচন': আইতা আহিল ভোট দিবলৈ - LOK SABHA ELECTION 2024

 এফালে মাতৃক হেৰুওৱাৰ বেদনা, আনফালে দেশ মাতৃৰ প্ৰতি দায়ৱদ্ধতা - LOK SABHA ELECTION 2024

নাই এখন দলং, বাঁহৰ সাঁকো পাৰ হৈ ভোট দিবলৈ ওলাই আহিল সাংসদ দিলীপ শইকীয়াৰ গৃহ গাঁৱৰ ৰাইজ - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.