হিন্দু বিৰোধী মন্তব্য : ধুবুৰীত ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ - Rahul Gandhi

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 8:45 PM IST

thumbnail
ধুবুৰীত ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ (ETV BHARAT ASSAM)

ধুবুৰী, ২ জুলাই: ৰাহুল গান্ধীৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে হিন্দু বিৰোধী মন্তব্য কৰাত জাঙুৰ খাই উঠিছে বিজেপি অ 'বি চি মৰ্চাৰ লগতে একাংশ ৰাইজ । সংসদৰ মজিয়াত হিন্দু বিৰোধী মন্তব্য আগবঢ়াৱাৰ বিৰুদ্ধে মঙলবাৰে ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰে ধুবুৰীৰ স্থানীয় একাংশ লোকে । 

তেওঁলোকে 'ৰাহুল গান্ধী মূৰ্দাবাদ','ৰাহুল গান্ধী নিপাত যাওঁক', 'হিন্দু বিৰোধী হুচিয়াৰ' আদি শ্লোগানেৰে উত্তাল কৰে ধুবুৰী চহৰ । ৰাহুল গান্ধী সাংসদ হোৱাৰ যোগ্য নহয় বুলিও মন্তব্য কৰে একাংশ প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদকাসকলে কয় যে কংগ্ৰেছ এটা সাম্প্ৰদায়িক দল । কংগ্ৰেছ দল হিন্দু বিৰোধী । ৰাহুল গান্ধীয়ে অতি শীঘ্ৰে হিন্দু সমাজৰ ওচৰত ক্ষমা খুজিব লাগে বুলি তেওঁলোকে দাবী কৰে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.