কাছাৰৰ কাবুগঞ্জত হেৰ’ইনসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী - Drugs smuggling in Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-01-2024/640-480-20576577-thumbnail-16x9-ccr-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 23, 2024, 7:37 PM IST
শিলচৰ, ২৩ জানুৱাৰী : ৰাজ্য়ৰ আন জিলাৰ লগতে কাছাৰতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ এইবাৰ কাছাৰৰ কাবুগঞ্জত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে দুই সৰবৰাহকাৰী । ধৃত দুই সৰবৰাহকাৰী হৈছে আমিৰ হুছেইন আৰু মনোজ সিনহা ।
এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰৰ সোনাই থানাৰ আৰক্ষীয়ে কাবুগঞ্জ অঞ্চলত AS 10B 1191 নম্বৰ এখন বাহনত তালাচী চলাই হেৰ’ইনসহ এই দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ধৃত সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে হেৰ'ইনভৰ্তি ১৪৪টা সৰু কন্টেইনাৰত ৩৩৩ গ্ৰাম ড্ৰাগছ জব্দ কৰে । লগতে আৰক্ষীয়ে বাহনখনো জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰী দুটাৰ ঘৰ সোনাইত বুলি আৰক্ষীয়ে সদৰী কৰিছে ।
লগতে পঢ়ক:গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াত কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা বিদ্ৰোহী সংগঠনৰ !