ঘাতকৰ ৰূপত মাৰাত্মক ড্ৰাগছ : পুত্ৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে মাতৃয়ে - Drugs addict son kills mother

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:41 PM IST

thumbnail
নিচাসক্ত পুত্ৰৰ হাতত অকাল মৃত্যু মাতৃৰ (ETV Bharat Assam)

কোকৰাঝাৰ, 25 জুন: কোকৰাঝাৰ চহৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । নিচাসক্ত পুত্ৰৰ হাতত প্ৰাণ হেৰুৱাইছে মাতৃয়ে । কোকৰাঝাৰৰ 8 নং ৱাৰ্ড মাইদাৰখোৰো (হাতিমাথা) ত ঘটিছে এই শোকাৱহ ঘটনাটো । পাডোপানী ব্ৰহ্ম (35) নামৰ ড্ৰাগছ আসক্ত যুৱকজনে 80 বছৰীয়া মাতৃ পাৰ্বতী ব্ৰহ্মক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । 

অভিযুক্ত ব্ৰহ্ম কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নগেন ব্ৰহ্মৰ পুত্ৰ বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, পাডোপানী ব্ৰহ্মই ড্ৰাগছ ক্ৰয় কৰিবলৈ মাতৃ পাৰ্বতী ব্ৰহ্মৰ পৰা ধন বিচাৰিছিল । মাতৃয়ে ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ গধুৰ কোনো বস্তুৰে মাতৃৰ মূৰত আঘাত কৰে পাডোপানীয়ে, যাৰ ফলত থিতাতে মৃত্যু ঘটে 80 বছৰীয়া বৃদ্ধাগৰাকীৰ । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত পাডোপানী ব্ৰহ্মক গ্ৰেপ্তাৰ কৰিছে । এই ঘটনাই কোকৰাঝাৰ জিলাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.