জোনাইত সুধাকণ্ঠৰ জন্মদিন উদযাপন : সাংস্কৃতিক গোষ্ঠী গঠনৰ জৰিয়তে বিশেষ পদক্ষেপ - Bhupen Hazarika Birthday

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 10:57 PM IST

thumbnail
জোনাইত সুধাকণ্ঠৰ জন্মদিন উদযাপন (ETV Bharat Assam)

জোনাই, ৮ ছেপ্টেম্বৰ : দেওবাৰে জোনাইতো সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক ওপজা দিন উদযাপন কৰা হয় ৷ বিশেষ দিনটোতে গুৰবান সাহিত্য-সাংস্কৃতিক গোষ্ঠী গঠন কৰা হয় ৷

সাহিত্য, সংগীত, সাংস্কৃতিক, নৃত্য আদি বিভিন্ন দিশসমূহৰ জৰিয়তে সমাজলৈ গঠনমূলক বাৰ্তা কঢ়িয়াই অনাৰ বাবে এই অনুষ্ঠানটো গঠন কৰা হয় ৷ গুৰবান সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ সভাপতি হিচাবে অৱসৰপ্ৰাপ্ত শিক্ষক তোষেশ্বৰ মিৰি আগৰৱালা, ভূপেন দলেক উপ-সভাপতি আৰু মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলেক সম্পাদক হিচাপে লৈ এঘাৰজনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয় ।

সভাত সুধাকন্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলেই বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ বিষয়ে আলোকপাত কৰে । অনুষ্ঠানত ৰণিতা হাজং আৰু মোহন পেগুৱে গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে ।

লগতে পঢ়ক : কোন নবৰ আলী ? ভূপেনদাৰ সৈতে কি সম্পৰ্ক নবৰৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.