চিকিৎসক অভয়াকাণ্ডৰ ন্যায়ৰ দাবীত মাজুলীৰ চিকিৎসাকৰ্মীৰ প্ৰতিবাদ - Kolkata Doctor Rape murder

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 12:25 PM IST

thumbnail
চিকিৎসক অভয়াকাণ্ডৰ ন্যায়ৰ দাবীত মাজুলীৰ চিকিৎসাকৰ্মীৰ প্ৰতিবাদ (ETV Bharat Assam)

মাজুলী, 18 আগষ্ট : দেশ জোকাৰি যোৱা অভয়াকাণ্ডৰ যিমানেই দিন বাগৰিছে, সিমানেই দেশৰ বিভিন্ন প্ৰান্তত বাঢ়িছে প্ৰতিবাদৰ জোৱাৰ ৷ একেমুখে সকলোৱে এটাই দাবী কৰিছে - ন্যায় দিয়ক অভয়াক, সুৰক্ষা দিয়া চিকিৎসক তথা চিকিৎসাকৰ্মীক ৷

দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে শনিবাৰে মাজুলীতো চিকিৎসক অভয়া ধৰ্ষণ আৰু হত্যাৰ ন্যায়ৰ দাবীত মাজুলীৰ পীতাম্বৰ গোস্বামী জিলা চিকিৎসালয়ৰ চিকিৎসাকৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ । ইতিমধ্যে কলিকতাত মহিলা চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ প্ৰতিবাদত দেশজুৰি চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে পালন কৰিছে কৰ্মবিৰতি ।

ইয়াৰ সমান্তৰালকৈ ক'লা বেজ পৰিধান কৰি কলিকতাত চিকিৎসক হত্যাৰ ন্যায়ৰ দাবীত মাজুলীতো হাতে হাতে মমবাতি লৈ সমদল কৰি চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ । কিন্তু এই প্ৰতিবাদে পৰৱৰ্তী সময়ত কি ৰূপ লয় বা আগন্তুক সময়ত নাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰ কিম্বা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে প্ৰতিখন ৰাজ্যৰে আইন-শৃংখলাজনিত পৰিস্থিতিৰ তথ্য লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক - Kolkata Doctor Rape murder

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.