পোহৰৰ উৎসৱত জলমল সত্ৰপীঠ মাজুলী - DIWALI AT DAKHINPAT SATRA
🎬 Watch Now: Feature Video


Published : Nov 1, 2024, 7:13 PM IST
মাজুলী : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো উলহ-মালহেৰে পালন কৰা হৈছে পোহৰৰ উৎসৱ দীপাৱলী । ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে সত্ৰপীঠ মাজুলীতো পালন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী ৷ মাজুলীৰ প্ৰত্যেক ঘৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানতো উলহ-মালহেৰে পালন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী ।
আনহাতে, মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰতো দীপাৱলী পালন কৰা হয় । ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰকে আদি কৰি সকলো ভকত-বৈষ্ণৱে একেলগ হৈ পালন কৰে দীপাৱলী বা দেৱালী ।
মাজুলীৰ এখন অন্যতম সত্ৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দীপাৱলীৰ পোহৰেৰে সমাজৰ পৰা হত্যা, হিংসা দূৰ কৰি এখন সুস্থ সমাজ গঢ়ি তোলাৰ বাবে সকলোকে যত্নপৰ হ’বলৈ আহ্বান জনায় ।