ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় উশ্বু প্ৰতিযোগিতা আৰম্ভ - উশ্বু প্ৰতিযোগিতা আৰম্ভ
🎬 Watch Now: Feature Video


Published : Jan 29, 2024, 3:32 PM IST
সৰুপথাৰ, ২৯ জানুৱাৰী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় উশ্বু প্ৰতিযোগিতা আৰম্ভ । আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সৰুপথাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় উশ্বু প্ৰতিযোগিতাখনি । সোমবাৰে পুৱাৰ ভাগতেই পতাকা উত্তোলনেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় উশ্বু প্ৰতিযোগিতাখনি উদ্বোধন কৰে ভাৰতীয় ল'ন বল খেলুৱৈ নয়নমণি শইকীয়াই । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেইবাখনো মহাবিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই উশ্বু প্ৰতিযোগিতাত ।
ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বিজয়ী হৈ আন্ত:বিশ্ববিদ্যালয় পৰ্যায়লৈও খেলিব পাৰিব বুলি আয়োজকসকলে সদৰী কৰিছে । উল্লেখযোগ্য যে ক্ৰীড়াৰ অন্য়তম ক্ষেত্ৰ হৈ পৰা সৰুপথাৰত এনেধৰণৰ খেল অনুষ্ঠিত কৰি ক্ৰীড়াৰ দিশটোত খেলুৱৈসকলক অধিক আগ্ৰহী কৰি তুলিব পাৰি বুলি মন্তব্য় কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ প্ৰাপ্তি ঠাকুৰে ।
লগতে পঢ়ক:19 বছৰ অনুৰ্ধৰ বিশ্বকাপ: আমেৰিকাৰ বিৰুদ্ধে 201 ৰাণত বৃহৎ জয় ভাৰতৰ