নদীৰ প্ৰচণ্ড সোঁতত উটি গ’ল অজিতেশ, উদ্ধাৰ অভিযান অব্যাহত - be cautious while taking selfie

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 5:31 PM IST

thumbnail
উদ্ধাৰ অভিযান অব্যাহত (ETV Bharat Assam)

জোনাই, 13 জুলাই : এপাত জোতাহে উদ্ধাৰ হ’ল 24 ঘণ্টাৰ পিচত ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷ জিলা মহকুমা বিষয়াই কৈছে, ‘ভাল অৱস্থাত পালেতো ভালেই, কিন্তু যি হ’লেও আমি তেওঁক বিচাৰি উলিয়াম ৷’ বন্ধুবৰ্গৰ সৈতে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ আহি কালিৰে পৰা নিখোজ হৈ আছে এজন ছাত্ৰ ৷ পৰিয়ালৰ লোক আজি পুৱাই উক্ত স্থানত উপস্থিত হয় ৷

ঘটনাৰ স্থান চিলাপথাৰ ৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ পৰা গ্ৰীষ্মবন্ধ উপলক্ষে ৭ জনীয়া সহপাঠীৰ সৈতে ফুৰিবলৈ বুলি চিমেন নদীৰ পাৰলৈ আহিছিল ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অজিতেশ হাজৰিকা । চিমেন নদীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ নদীৰ পাৰত উপস্থিত হৈ ফটো লৈ থকা অৱস্থাত হঠাতে পিচলি গৈ নদীত পৰি যায় ছাত্ৰজন । নদীৰ প্ৰচণ্ড সোঁতে নিমিষতে উটুৱাই লৈ যায় তেওঁক । ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচত অনুসন্ধানৰ বাবে উপস্থিত হয় ধেমাজি জিলা আৰক্ষী অধীক্ষক আৰু SDRF ৰ দল । কালিৰে পৰা অভিযান চলাই চলাই এপাত জোতা উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দল ৷ আজি পুৱাৰে পৰা জোনাইৰ SDRF বাহিনীয়ে দুখন নাৱেৰে অভিযান অব্যাহত ৰখাৰ কিছু সময়ৰ পিচতে পুনৰ চিলাপথাৰৰ পৰা NDRF বাহিনীৰ দুটা দল আহি অভিযানত যোগ দিয়ে ।

লগতে পঢ়ক : স্কুল বাছ দুৰ্ঘটনা: কথমপি প্ৰাণৰক্ষা শিক্ষাৰ্থীৰ - Moving school bus fell down

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.