জনজাতিকৰণৰ দাবীত ধেমাজিত আটাছুৰ মটৰ চাইকেল ৰেলী - Protest Demanding on Tribalisation
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-02-2024/640-480-20798078-thumbnail-16x9-dhmj.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 20, 2024, 8:08 PM IST
ধেমাজি, 20 ফেব্ৰুৱাৰী : আকৌ প্ৰতিবাদ ৷ জনজাতিকৰণৰ দাবীত এইবাৰ প্ৰতিবাদত নামিল সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু ৷ শীঘ্ৰে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ লগতে স্বায়ত্তশাসন প্ৰদানৰ দাবীত মঙলবাৰে আটাছু ধেমাজি জিলা সমিতিয়ে বাহিৰ কৰে এক দীঘলীয়া বাইক ৰেলী ৷
ধেমাজি কাছাৰী ময়দানৰ পৰা উলিওৱা এই প্ৰতিবাদী বাইক ৰেলীয়ে সমগ্ৰ ধেমাজি নগৰ পৰিভ্ৰমণ কৰে ৷ তাৰ পিচত 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ 30 কিলোমিটাৰ দূৰত্বৰ চ্যুকাফাৰ দ্বিতীয় ৰাজধানী ধেমাজিৰ হাবুঙত এই ৰেলী সামৰণি পৰে ৷ উল্লেখযোগ্য যে এই দীঘলীয়া প্ৰতিবাদী বাইক ৰেলীৰ সময়ত প্ৰতিবাদী 4 শতাধিকে চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে ৷
ইপিনে চৰকাৰে যদি শীঘ্ৰে টাই আহোমক জনজাতিকৰণ প্ৰদান নকৰে, তেন্তে আগন্তুক সময়ত জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিয়ে ৷
লগতে পঢ়ক : ৰাজনৈতিক মেৰপেচত আৱদ্ধ ছয় জনগোষ্ঠী জনজাতিকৰণ: আটাছু