হাজো-নলবাৰী সীমান্তৱৰ্তী চৰাবড়ী কালী মন্দিৰ লোকাৰণ্য
Published : 2 hours ago
|Updated : 2 hours ago
নলবাৰী: এটা সময় আছিল ঠাইখিনিত সঘনাই সংঘটিত হৈছিল পথ দূৰ্ঘটনা । কেতিয়াবা যদি বিহুৱা দলৰ গাড়ী, কেতিয়াবা বিবাহযাত্ৰী কঢ়িওৱা গাড়ী । এনেদৰেই পথ দূৰ্ঘটনাত পতিত হৈ বহুজনে সাৱটিছিল অকাল মৃত্যুক । বহুজন হৈছিল ঘুণীয়া । পথটোত সঘনাই হৈ থকা দূৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি স্থানীয় ৰাইজে চ'ৰাবড়ীত স্থাপন কৰিছিল ঐতিহ্যমণ্ডিত এই কালী মন্দিৰটো । লাহে লাহে যেন কমি আহিল দূৰ্ঘটনাৰ সংখ্যা ৷ দূৰ্ঘটনাত প্ৰাণহানিৰ সংখ্যা । লগতে কমি আহিল ভিন্ন মহামাৰী ।
আজি লোকে-লোকাৰণ্য হৈ পৰিছে সেইভাগ কামৰূপ জিলাৰ হাজোৰ চৰাবড়ী কালি মন্দিৰ প্ৰাংগনত । আজি পোহৰৰ উৎসৱ দীপাৱলী । সমান্তৰালকৈ আজি কালী পূজা । কালী পূজাৰ দিনাই হাজো-নলবাৰী সীমান্তৱৰ্তী চৰাবড়ী শ্ৰীশ্ৰী মা কালী মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম । সহাস্ৰাধিক ভক্তৰ সমাগমেৰে লোকাৰণ্য হৈ পৰিছে হাজো চৰাবড়ী কালী মন্দিৰ চৌহদ ।
এক মহত্ব থকা ঐতিহাসিক কালীমন্দিৰ হৈছে চৰাবড়ী কালী মন্দিৰ । নলবাৰী আৰু কামৰূপ জিলাৰ সীমান্তৱৰ্তী হাজোৰ চৰাবড়ীত প্ৰতিষ্ঠিত এইটো ঐতিহাসিক কালী মন্দিৰ । প্ৰতিবছৰে কাতি মাহৰ অমৱস্যাৰ দিনা অৰ্থাৎ দীপাৱলীৰ দিনা এইটো কালী মন্দিৰত অনুষ্ঠিত হৈ আহিছে কালী পূজা । য'ত নলবাৰী, কামৰূপৰ উপৰিও অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম হয় । এইবেলিও উদ্যোক্তা সমিতিয়ে পাচদিনীয়াকৈ অনুষ্ঠিত কৰিছে কালী পূজাৰ । আজি প্ৰথম দিনাই হাজাৰ হাজাৰ ভক্তই মনোকামনা লৈ আশিস লয় মা কালীৰ ওচৰত । কোনোবাই পাৰ, কোনোবাই পঠা ছাগলী উচৰ্গা কৰে দেবীৰ ওচৰত ।