মঠঘৰীয়াৰ বড়ো চকৰ পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ - Mysterious Murder Case

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 2:28 PM IST

thumbnail
মঠঘৰীয়াৰ বড়ো চকত উদ্ধাৰ মৃতদেহ (ETV Bharat Assam)

গুৱাহাটী, ১২ জুলাই : মহানগৰীৰ মঠঘৰীয়াত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা । মঠঘৰীয়াৰ বড়ো চকত উদ্ধাৰ হৈছে এটা মৃতদেহ । মৃতদেহটো মঠঘৰীয়াৰ জোনাকী নগৰৰ বাসিন্দা গণেশ মালিৰ পুত্ৰ ৰিংকু মালিৰ বুলি জানিব পৰা গৈছে ।

বিৱৰণি অনুসৰি, শুকুৰবাৰে পুৱাৰ ভাগত মঠঘৰীয়াৰ বড়ো চকৰ পথৰ দাঁতিত পথচাৰীয়ে এটা মৃতদেহ পৰি থকা দেখা পায় ৷ তাৰ পাচতে প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিয়ে আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰকে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহটো গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (GMCH) লৈ প্ৰেৰণ কৰে । একাংশ প্ৰত্যক্ষদৰ্শীয়ে অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ ফলতে যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

ইফালে পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, ড্ৰাগছ আসক্ত ৰিংকু মালি যোৱা তিনিদিন ধৰি ঘৰলৈ অহা নাছিল । কিন্তু আজি পুৱাৰ ভাগত মুখৰে ফেন ওলাই থকা অৱস্থাত বড়ো চকৰ পথৰ দাঁতিত উদ্ধাৰ হয় ৰিংকু মালিৰ মৃতদেহ ।

লগতে পঢ়ক : বিয়াৰ মাহ-হালধি ঘঁহা নহ’ল ! দৰাৰ দেহৰ 17 টা টুকুৰা ওলাল ভিন্ন স্থানত - Chhattisgarh crime news

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.