মৰিগাঁও জিলা প্ৰশাসনৰ সতৰ্কবাণী - DC Debasish Sharma

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 7:05 PM IST

thumbnail
মৰিগাঁও জিলাৰ নাগৰিকলৈ আয়ুক্ত দেৱাশীষ শৰ্মাৰ সতৰ্কবাণী (ETV Bharat Assam)

ধিং,২৯ আগষ্ট: ধিংকাণ্ডক লৈ নগাঁও আৰু মৰিগাঁও জিলাৰ একাংশ গাঁও অঞ্চলকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে একাংশ দুস্কৃতিকাৰীয়ে অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব পাৰে বুলি আশংকা কৰি মৰিগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বৃহস্পতিবাৰে এক ভিডিঅ' বাৰ্তাযোগে মৰিগাঁও জিলাৰ প্ৰতিজন নাগৰিকক আহ্বান জনাই কয় যে কোনো নাগৰিক বা দুস্কৃতিকাৰীয়ে যদি মৰিগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বা মৰিগাঁও জিলাৰ কোনো পথত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে তেন্তে জিলা প্ৰশাসনৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।  

জনজীৱন বিপন্ন কৰা তথা জনসাধাৰণৰ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰা কোনো লোকক ৰেহাই দিয়া নহয় বুলি আয়ুক্ত দেৱাশীষ শৰ্মাই সতৰ্ক কৰি দিয়ে । আয়ুক্তগৰাকীয়ে কয় মৰিগাঁও জিলাৰ শান্তি-সম্প্ৰীতি বজাই ৰাখিব লাগিব । এইক্ষেত্ৰত কোনো আপোচ কৰা নহয় । আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথো উপস্থিত আছিল । 

লগতে পঢ়ক: সভাপতি পদৰ পৰা আঁতৰালেও মই দলতে থাকিম: ভূপেন কুমাৰ বৰা - APCC President Bhupen Kumar Bora

শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবীত উত্তাল বিধানসভা চৌহদ - MLA protest in Assam Assembly

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.