বসন্ত দাসৰ গেৰুৱা প্ৰেম: দৰং কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া - লোকসভা নিৰ্বাচন
🎬 Watch Now: Feature Video


Published : Feb 14, 2024, 10:13 PM IST
মঙলদৈ, 14 ফেব্ৰুৱাৰী : বুধবাৰে কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসে কংগ্ৰেছত থাকিয়ে বিজেপি চৰকাৰলৈ সমৰ্থন আগবঢ়োৱা কথা সদৰী কৰে ৷ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসম প্ৰদেশ কংগ্ৰেছৰ বাবে ই এক মোক্ষম আঘাত ৷ মঙলদৈ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে বুধবাৰে বিজেপি চৰকাৰক সমৰ্থন জনোৱাত কংগ্ৰেছ মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিধায়ক বসন্ত দাসে বিজেপি চৰকাৰক সমৰ্থন জনোৱাৰ পিচতে মঙলদৈৰ ৰাজীৱ ভৱনত দৰং কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
মুখ্যমন্ত্ৰীক গামোচা পিন্ধোৱা কথাটোত প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে কংগ্ৰেছ নেতা দুজনক কটাক্ষ কৰে ৷ তেওঁ বিধায়ক বসন্ত দাসৰ এই সিদ্ধান্তত ক্ষোভ প্ৰকাশ কৰাৰ লগতে মানসিকভাৱে দুঃখিত বুলিও উল্লেখ কৰে ৷ ‘বসন্ত দাসে স্থিতি ঠিক কৰি মুকলিভাৱে বিজেপিলৈ যাওক’, বিধায়ক বসন্ত দাসৰ বিজেপি সমৰ্থন সন্দৰ্ভত দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীৰ এই মন্তব্য ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ শৰণত 2 কংগ্ৰেছী বিধায়ক ! কাৰ্যকৰী সভাপতিৰ পদ এৰিলে কমলাক্ষই