বিজয়ৰ দাবীৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে বিধায়ক ভাস্কৰ বৰুৱাই - Lok sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video
Published : Apr 19, 2024, 8:33 AM IST
তিতাবৰ, 19 এপ্ৰিল: শুকুৰবাৰৰ পুৱাৰে পৰা ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ যোৰহাট লোকসভা সমষ্টিটো আৰম্ভ হৈছে ভোটগ্ৰহণ ৷ তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাই পুৱাই উপস্থিত হয় 133 নং ভোটগ্ৰহণ কেন্দ্ৰত আৰু সপত্নীৰে সাব্যস্ত কৰে ভোটাধিকাৰ ।
যোৰহাট লোকসভা সমষ্টিত শেষ হাঁহি কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে মাৰিব বুলি আশা ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷ ইয়াৰ লগতে পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত গগৈয়ে জয়লাভ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত দাবী কৰে বিধায়ক ভাস্কৰ বৰুৱাই ৷
আজি পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে তিতাবৰবাসীক । তিতাবৰ বিধানসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 230 টা । পুৰুষ ভোটাৰৰ সংখ্যা 1,02,303 আৰু মহিলা ভোটাৰৰ সংখ্যা 96,405 । তিতাবৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,98,709 ।
তিতাবৰত 4 টা ভোটগ্রহণ কেন্দ্ৰ পৰিচালিত হ’ব মহিলাৰ দ্বাৰা ।
লগতে পঢ়ক: আৰম্ভ হ’ল শোণিতপুৰ লোকসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া - Lok sabha Election 2024