নিশ্চিত জয়ৰ দিশে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন - Lok Sabha Election Results 2024 - LOK SABHA ELECTION RESULTS 2024
🎬 Watch Now: Feature Video


Published : Jun 4, 2024, 4:22 PM IST
গোৱালপাৰা,৪ জুন: গোৱালপাৰা জিলা আয়ুক্ত চৌহদত ভোটগণনা কেন্দ্ৰত উপস্থিত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন । নিশ্চিত জয়ৰ দিশে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী । সাংবাদিকৰ আগত হুছেইনে কয় যে,"এই মুহূৰ্তত মই ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিগৰাকী নিষ্ঠাবান কংগ্ৰেছ কৰ্মীক ধন্যবাদ জ্ঞাপন কৰিছো । কিয়নো তৃণমূল কৰ্মী অবিহনে কোনেও জয় লাভ কৰিব নোৱাৰে । ২৪ৰ লোকসভা নিৰ্বাচনত যোৰহাট, কৰিমগঞ্জ আৰু নগাঁওত কংগ্ৰেছৰ প্ৰাৰ্থী জয় লাভ কৰাৰ লগতে আন কেইবাটাও সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ সম্ভাৱনা আছে ।"
ইফালে ৰকিবুল হুছেইনে এগজিট প'লক সমালোচনা কৰি কয়, "এয়া মোদী এগজিট প'ল আছিল । এগজিট প'লে মোদীক সন্তুষ্ট কৰাৰ কাৰণে এইবোৰ দেখুৱাই আছিল ।" ইতিমধ্যে বদৰুদ্দিন আজমলৰ দুৰ্গ চূৰ্ণ-বিচুৰ্ণ কৰি নিশ্চিত বিজয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে । দুই লাখতকৈ অধিক ভোটৰ ব্যৱধানত পিছ পৰি আছে ধুবুৰী লোকসভা সমষ্টিৰ তিনি বাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল ।
লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :
https://www.etvbharat.com/en/!elections/election-2024