ধুবুৰীৰ ৰাইজে কংগ্ৰেছক মৰম দিছে : ক'লে ৰকিবুল হুছেইনে - lok sabha election results 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 1:32 PM IST

thumbnail
অভয়াপুৰীত ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

৪ জুন, বঙাইগাঁও : অসমৰ লোকসভা আসনৰ ভোটগণনাৰ শেহতীয়া ফলাফলে আকৰ্ষণীয় ৰূপ লৈছে । বিজেপিৰ দাবীৰ বিপৰীতে বিৰোধীয়ে এই পৰ্যন্ত যথেষ্ট অগ্ৰগতি লাভ কৰিছে । আনহাতে, ধুবুৰী লোকসভা সমষ্টিত এইবাৰ নাও ডুবো ডুবো অৱস্থা হৈছে এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলৰ । বিপৰীতে আকৰ্ষণীয় উত্থান হৈছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ ।

ইফালে ভোটগণনাৰ মাজতে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ভোটগণনা কেন্দ্ৰত উপস্থিত হয় ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন । অভয়াপুৰীত উপস্থিত হৈ ৰাইজক ধন্যবাদ জনায় ৰকিবুল হুছেইনে । অভয়াপুৰীত উপস্থিত হৈ ৰাইজক ধন্যবাদ জনায় ৰকিবুল হুছেইনে । ধুবুৰীৰ ৰাইজে কংগ্ৰেছ দলক যি মৰম দিছে তাৰ বাবে সকলো ৰাইজক সেৱা জনায় ৰকিবুল হুছেইনে ।  

লগতে পঢ়ক :কাৰ কপালত আছে ৰাজভোগ ? ভাগ্য নিৰ্ণয় হ’ব অসমৰ ১৪ টা লোকসভা সমষ্টিৰ মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ - Lok Sabha Election Results 2024

উল্লেখ্য, ইতিমধ্যে ধুবুৰীৰ পৰা অগ্ৰগতি লাভ কৰিছে ৰকিবুল হুছেইনে । আনহাতে, কংগ্ৰেছ দলক ভোট দিয়াৰ লগতে নিদিয়াসকলকো ধন্যবাদ জনায় ৰকিবুলে ।

আনহাতে, নিৰ্বাচনৰ ফলাফলৰ দিনটোতে মূল্যবৃদ্ধিক লৈ সৰৱ হৈ পৰে ৰকিবুল হুছেইন । টোল গে'টৰ কৰ বৃদ্ধি, গাখীৰৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰকিবুল হুছেইনে । মূল্যবৃদ্ধিৰ বাবে ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । অৱশ্যে ধুবুৰীত এইবাৰ কোনে শেষ হাঁহি মাৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.