ডিফুত কংগ্ৰেছ প্রার্থী জয়ৰাম ইংলেঙক বিপুল আদৰণি - congress candidate jairam inglang
🎬 Watch Now: Feature Video
Published : Mar 15, 2024, 10:55 PM IST
ডিফু, ১৫ মার্চ : আগন্তুক লোকসভা নির্বাচনৰ বাবে কংগ্রেছ দলে ডিফু সমষ্টিত প্রার্থীৰূপে প্রক্ষেপ কৰা জয়বাম ইংলেঙে আজি গুৱাহাটীৰ পৰা গৃহ সমষ্টি ডিফুত উপস্থিত হয় । কংগ্ৰেছ প্রার্থীগৰাকীক সংগ দিয়ে এপিচিচিৰ সাধাৰণ সম্পাদক নির্মল লাংথাছাই । কাৰ্বি আংলং জিলাৰ প্রৱেশ দ্বাৰ পাৰখোৱাৰ পৰা কংগ্রেছ প্রার্থীগৰাকীক জিলাখনৰ কংগ্রেছ সমর্থনসকলে আদৰণি জনায় । তেওঁক পাৰখোৱা, বকলীয়াঘাট, ফুলনিত দলীয় সমর্থকসকলে উন্ম আদৰণি জনায় ।
উল্লেখ্য যে কংগ্রেছ প্রার্থীগৰাকীক ফুলনিত চিপিআই (এমএল) হিলছ পার্টী দলেও আদৰণি জনায় । ইয়াৰ পাছতেই কংগ্ৰেছ প্রার্থীগৰাকী ডিফুলৈ আহি জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ এখন দলীয় সভাত অংশ গ্রহণ কৰে । ডিফুৰ দলীয় সভাতো ইংলেঙক আদৰণি জনাই দলৰ সমর্থকসকলে । কংগ্রেছ প্রার্থীগৰাকীয়ে কয় যে মোদীৰ আচ্ছে দিন দেশবাসীয়ে নেদেখিলে । এতিয়া দেশবাসীয়ে পূর্বৰ দিন উভতাই বিচাৰি এইবাৰ কংগ্রেছৰ পক্ষে ভোটদান কৰিব । সমাগত লোকসভা নির্বাচনত ডিফু সমষ্টিত বিজেপি দল দ্বিতীয় স্থানত থাকিব বুলি কংগ্রেছৰ প্রার্থীগৰাকীয়ে দাবী কৰে ।
ইংলেঙে লগতে কয় যে কংগ্রেছৰ তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে দিয়া প্রতিশ্রুতি অনুসধি সংবিধানৰ অনুচ্ছেদ ২৪৪ (ক) ৰূপায়ন কৰাটো হ'ব কংগ্রেছৰ মূল লক্ষ্য । জাতি-ধর্মলৈ ৰাজনীতি কৰি লাভ নাই বুলি উল্লেখ কৰি ইংলেঙে সংবিধান অনুসৰিহে আমাৰ দেশ পৰিচালিত হ'ব বুলি মন্তব্য কৰে । ইংলেঙে আঞ্চলিক ৰীজনৈতিক দল এপিএইচএলচি সন্দর্ভত মন্তব্য কৰি কয় যে এপিএইচএলচি দলৰ কংগ্রেছৰ সৈতে কোনো মিত্রতা নাছিল । দলটোৰ মিত্রতা অসম জাতীয় পৰিষদৰ সৈতেহে আছিল বুলিও মন্তব্য কৰে ।