যোৰহাটত গৌৰৱ গগৈৰ ছুনামী : মাজুলীত কংগ্ৰেছ কৰ্মীৰ উল্লাস - LOK SABHA ELECTION RESULTS 2024 - LOK SABHA ELECTION RESULTS 2024
🎬 Watch Now: Feature Video


Published : Jun 4, 2024, 3:43 PM IST
মাজুলী, 4 জুন : পুৱা 8 বজাৰে পৰা চলি আছে লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ ৰাজ্যৰ 14 খন লোকসভা আসনৰ অন্যতম যোৰহাটত দৃষ্টি নিবদ্ধ হৈ আছে সকলোৰে ৷ সমষ্টিটোত বিজেপিৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজত হৈছে মূল যুঁজখন ৷ ইতিমধ্যে কংগ্ৰেছৰ গৌৰৱ গগৈ সমষ্টিটোত ব্যাপক ভোটত আগবাঢ়ি আছে ৷ প্ৰায় জয়লাভৰ দিশে আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ ৷
ইয়াৰ মাজতে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলীত কংগ্ৰেছ কৰ্মীসকলৰ মাজত দেখা গ’ল উৎসৱমুখৰ পৰিৱেশ ৷ সমষ্টিটোত গৌৰৱ গগৈৰ জয়লাভৰ সম্ভাৱনা প্ৰকট হোৱাৰ লগে লগেই কংগ্ৰেছৰ দলীয় কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলে 'গৌৰৱ গগৈ' জিন্দাবাদ ধ্বনিৰে আনন্দ-উল্লাস কৰা দেখিবলৈ পোৱা গ’ল ৷