তাছা ৰাজ্যসভাৰ সাংসদ হৈ থকা হ'লেই বেছি কাম কৰিব পাৰিলেহেতেন: ৰ'জলীনা তিৰ্কী

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 8:04 PM IST

thumbnail

সৰুপথাৰ,২০ মাৰ্চ: লোকসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীয়ে ৰচনা কৰিছে নিৰ্বাচনী ৰণকৌশল । কাজিৰঙা লোকসভা সমষ্টিত ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰ'জলীনা তিৰ্কীয়ে । বুধবাৰে কাজিৰঙা লোকসভা সমষ্টিৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ কৰ্মীসকলে সৰুপথাৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত উষ্ম আদৰণি জনায় । ৰ'জলীনা তিৰ্কীয়ে সৰুপথাৰত উপস্থিত হৈ আগবঢ়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ।

তেওঁ কয়, "কামাখ্যা প্ৰসাদ তাছাক মই দাদা বুলি সম্বোধন কৰো । কামাখ্যা প্ৰসাদ তাছা ৰাজ্যসভাৰ সাংসদৰ পদ অলংকৃত কৰি থকা হ'লেই বেছি কাম কৰিব পাৰিলেহেতেন ।" কংগ্ৰেছৰ খহনীয়াক লৈ তিৰ্কীয়ে কয় যে কংগ্ৰেছ শেষ হৈ যোৱা নাই । পূৰ্বেও আছিল আৰু থাকিব । যিসকলে কংগ্ৰেছৰ পৰা গৈছে নিজৰ স্বাৰ্থৰ বাবেহে গৈছে বুলি মন্তব্য কৰে তিৰ্কীয়ে । 

লগতে পঢ়ক: কামাখ্যা প্ৰসাদ তাছা দুই লাখৰো অধিক ভোটত জয়ী হ'ব : পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.