এফালে ৰাধা-কৃষ্ণৰ ৰাসলীলা, আনফালে সাতো জনমৰ প্ৰতিশ্ৰুতি - COMMUNITY MARRIAGE IN NALBARI
🎬 Watch Now: Feature Video
Published : Nov 28, 2024, 10:38 PM IST
নলবাৰী: ৰাজ্যৰ আকাশ-বতাহ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ থকাৰ সময়তেই উদুলি মুদুলি নলবাৰীৰ হৰিমন্দিৰৰ বাকৰি । বৃহস্পতিবাৰে নলবাৰীৰ হৰিমন্দিৰত ৯ গৰাকী যুৱকে ৯ গৰাকী যুৱতীক হোমৰ জুইক সাক্ষী কৰি সামাজিকভাৱে কৰিলে বিবাহ সম্পন্ন । নলবাৰীৰ হৰিমন্দিৰৰ বাকৰিত অনুষ্ঠিত হয় সমূহীয়া বিবাহৰ অনুষ্ঠান । এই শুভ-পৰিণয় অনুষ্ঠানত বাজিছে বেণ্ডপাৰ্টী, আহিছে বিভিন্ন অতিথি । নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী হৰিমন্দিৰৰ সহযোগত হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় সমূহীয়া বিবাহৰ অনুষ্ঠান । ৯ যোৰ দৰা কইনাৰ বিবাহ অনুষ্ঠান একেলগে সম্পন্ন কৰা হয় হৰিমন্দিৰৰ বাকৰিত ।
বৰযাত্ৰী হৈ আহিল জিলা প্ৰশাসনৰ জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তকে ধৰি ভালেসংখ্যক চৰকাৰী বিষয়া কৰ্মচাৰী । ৯১ সংখ্যক নলবাৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ আজি শেষৰটো দিন । এইবাৰ ১৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল ৯১ সংখ্যক নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱ । শেষৰ দিনটোত হোমৰ জুইক সাক্ষী কৰি সম্পন্ন হ'ল ৯ খনকৈ বিবাহ । সকলো মাংগলিক কাৰ্যসূচীৰ মাজেৰেই ৰাস মহোৎসৱৰ বাকৰিতে আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি ল'লে দৰা-কইনাই । বিবাহ অনুষ্ঠান এইদৰে আয়োজন কৰিবলৈ পাই যথেষ্ট সুখী জিলা প্ৰশাসন ।