বিশ্বনাথ চিকিৎসা মহাবিদ্য়ালয়ত কেতিয়াৰ পৰা চিকিৎসা সেৱা আৰম্ভ হ’ব ! জনালে মুখ্যমন্ত্ৰীয়ে - CM Himanta Biswa Sarma - CM HIMANTA BISWA SARMA
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-09-2024/640-480-22370482-thumbnail-16x9-bs-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 4, 2024, 7:16 AM IST
বিশ্বনাথ, ৪ ছেপ্টেম্বৰ: বিশ্বনাথৰ নৱনিৰ্মিত ২০০ খন বিচনাযুক্ত জিলা চিকিৎসালয়খন মঙলবাৰে আবেলি উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পূৰ্বে নৱনিৰ্মিত বিশ্বনাথ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালখন পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্য়ালয় হাস্পতালখনত ২০২৫ চনৰ নৱেম্বৰৰ পৰা চিকিৎসাসেৱা আগবঢ়াব বুলি উল্লেখ কৰি কয়, "চিকিৎসা মহাবিদ্য়ালয় হাস্পতালখনে অহা ২০২৬ চনত নেচনেল মেডিকেল কাউন্সিলৰ স্বীকৃতিৰ কাৰণে আবেদন কৰিব পাৰিব ।"
অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই চিকিৎসা মহাবিদ্য়ালয় হাস্পতালখন উদ্বোধন কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "অহা বছৰলৈ বিশ্বনাথৰ স্বাস্থ্য়খণ্ডটোৱে বদলি যাব ।"
বিশ্বনাথ জিলা চিকিৎসালয়ত এটা ডাইলেচিছ কেন্দ্ৰ দিয়াৰ কথা উল্লেখ কৰাৰ লগতে অহা নৱেম্বৰৰ পৰা এই কেন্দ্ৰটো আৰম্ভ কৰিব বুলি মুখ্য়মন্ত্ৰীগৰাকীয়ে কয় । কালি ২০০ খন বিচনাযুক্ত জিলা চিকিৎসালয়খন উদ্বোধনী কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰ, বিজেপিৰ জিলা সভাপতি দিগন্ত ঘটোৱাৰ, ডাঃ জোনালী গগৈ আদিয়ে ।