পঞ্চায়ত পুনৰ নিৰ্ধাৰণত সংখ্য়া হ্ৰাস নে বৃদ্ধি পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে ? - Himanta Biswa Sarma

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 10:50 AM IST

গুৱাহাটী, ৫ আগষ্ট : "পঞ্চায়তৰ পুনৰ নিৰ্ধাৰণত কোনো জিলাত এখনো পঞ্চায়ত নকমে । পঞ্চায়তৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । জাতি-মাটি সুৰক্ষাৰ স্বাৰ্থত পঞ্চায়তৰ আকৃতি নিৰ্ধাৰণ কৰা হ'ব ।" এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

দেওবাৰে ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয়, "পঞ্চায়ত সুৰক্ষিত কৰা স্বাৰ্থত সীমানিৰ্ধাৰণ কৰা হ’ব ।" মুখ্যমন্ত্ৰীগৰাকীয়ে অভিভাৱক মন্ত্ৰীসকলক ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হ'বলৈ আহ্বান জনায় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অভিভাৱক মন্ত্ৰীসকলে অহা পোন্ধৰ দিনৰ ভিতৰত প্ৰতিটো ভোট কেন্দ্ৰত তিনিজনীয়া কমিটী গঠন কৰিব । কমিটীখন বুথত নিৰ্বাচন কৰা হ'ব ।"

৩১ আগষ্ট ভিতৰত এই কাম সম্পূৰ্ণ কৰি ছেপ্তেম্বৰৰ পৰা ইয়াৰ কাম কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰতিটো বুথৰ বিপৰীতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচিত কৰিব লাগিব কমিটীয়ে । প্ৰতিটো সমষ্টিত অতিৰিক্তভাৱে অৰুণোদয় আঁচনি ১৫ হাজাৰ পৰিয়ালক দিয়াৰ লক্ষ্য লোৱা হৈছে ।"

ইপিনে চলিত মাহৰে পৰা নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ দিয়াৰ কাম আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ।

লগতে পঢ়ক:২০২৫ৰ বি টি চি নিৰ্বাচনত অকলেই যুঁজিব বিজেপিয়ে - 2025 BTC Election

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনালে কেবাখনো নতুন আইনৰ বিষয়ে : কি কি ? - Assam Land Sale Policy

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.