বৰপেটাত নিৰ্বাচনী হিংসা; কথমপি প্ৰাণ ৰক্ষা এআইউডিএফ কৰ্মীৰ - Election violence in Barpeta
🎬 Watch Now: Feature Video


Published : Mar 15, 2024, 7:35 AM IST
গোৱালপাৰা, 15 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী বৰপেটাৰ বাঘমাৰা চৰত নিৰ্বাচনী হিংসাৰ ঘটনা পোহৰলৈ আহিছে । ৰকিবুলপন্থী আৰু আজমলপন্থীৰ মাজত সংঘটিত হৈছে এই ঘটনা ৷
জানিব পৰা মতে, শুকুৰবাৰৰ সন্ধিয়া ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল কংগ্ৰেছ নেতা ৰকিবুল হুছেইন । ৰকিবুল হুছেইনক ক’লা পতাকা দেখুৱাবলৈ একাংশ এআইউডিএফ কৰ্মী পূৰ্বৰে পৰা ৰৈ আছিল । এই ঘটনা কংগ্ৰেছ কৰ্মীয়ে প্ৰত্যক্ষ কৰি ৰৈ থকা এআইউডিএফ কৰ্মীসকলৰ সৈতে বাকযুদ্ধত লিপ্ত হয় ৷
ইয়াতেই ক্ষান্ত নাথাকি উদণ্ড কংগ্ৰেছ কৰ্মীসকলে এআইউডিএফ কৰ্মীসকলক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । স্থানীয় একাংশ সচেতন ৰাইজৰ তৎপৰতাত এআইউডিএফ কৰ্মীৰ কথমপি প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত আলোপাতি চৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
লগতে পঢ়ক: ঐক্যমঞ্চৰ পৰা আঁতৰি তৃণমূল কংগ্ৰেছেও ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম