কিন্নৰ-যুৱকৰ তয়াময়া ৰণ: বাহনে মহতিয়াই থৈ গ'ল এজনক - Transgender fight - TRANSGENDER FIGHT
🎬 Watch Now: Feature Video


Published : Aug 3, 2024, 9:20 PM IST
গুৱাহাটী,৩ আগষ্ট: নিশাৰ মহানগৰীৰ ৰাজপথত ভয়ংকৰ ঘটনা । প্ৰথমে কেইগৰাকীমান লোকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা । মাৰপিটৰ মাজতেই তীব্ৰবেগী বাহনে মহটিয়াই থৈ গ'ল এজনক । শুকুৰবাৰে নিশা মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছে এই ঘটনা । এই সমগ্ৰ ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ পিচতেই নিশাৰ মহানগৰীৰৰ প্ৰকৃত স্বৰূপটো পোহৰলৈ আহিছে । এই কাজিয়া এদল কিন্নৰ আৰু যুৱকৰ মাজত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে যদিও এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ হাতত কোনো তথ্য নাই বুলি দিছপুৰ আৰক্ষীৰ যান-বাহন আৰক্ষীয়ে প্ৰকাশ কৰিছে ।
উল্লেখ্য যে, স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত নিশাৰ ৰাজপথত এনে দৃশ্য বৰ্তমান সুলভ হৈ পৰিছে । বিভিন্ন সময়ত নিশাৰ মহানগৰীৰ ৰাজপথত যুৱক-যুৱতীৰ কুৰুক্ষেত্ৰ ৰণ সংঘটিত হয় । প্ৰতিদিনে মহানগৰীত বৃদ্ধি পাইছে এনে ঘটনা । নিশা হ'লে প্ৰতিদিনে একাংশ উদণ্ড যুৱক-যুৱতীয়ে সুৰাৰ ৰাগীত মাতাল হৈ কাজিয়া, মাৰপিটত লিপ্ত হয় যদিও এই কাৰ্য ৰোধৰ বাবে আৰক্ষী প্ৰশাসনে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে ।