শদিয়াত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ১০ বছৰীয়া শিশুৰ
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ২৬ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ শদিয়াৰ ন-শদিয়া আৰক্ষী চকীৰ অন্তৰ্গত হলৌ গাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এটি ১০ বছৰীয়া শিশুৰ । দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল এই শিশুটি ৷ স্থানীয় লোকে উল্লেখ কৰা মতে, যোৱা ২১ ফেব্ৰুৱাৰীৰ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শদিয়াত হোৱা ধুমুহাৰ ফলত উক্ত স্থানত বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পৰি আছিল ৷ সেই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এটা নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ ৷
বিদ্যুৎ পৰিবাহী তাঁৰ মাটিত পৰি থকা বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ চৰম গাফিলতিৰ বাবে প্ৰাণ গ'ল হিজো গোৱালা আৰু অঞ্জু গোৱালাৰ ১০ বছৰীয়া পুত্ৰ ইয়োগ গোৱালাৰ । পৰৱৰ্তী সময়ত শদিয়া আৰক্ষী জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, শদিয়া মহকুমা প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
লগতে পঢ়ক:চাঞ্চল্যকৰ : জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত আহত কনিষ্ঠ ভাতৃ