কলগাছিয়াত পানীত পৰি ডুব গ'ল এটি শিশু : দুটিক উদ্ধাৰ - Child Death By Drowning

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 10:33 PM IST

thumbnail
কলগাছিয়াৰ তাপেশ্বৰা গাঁৱত অঘটন (ETV Bharat Assam)

জনীয়া, ২৭ জুলাই: বৰপেটা জিলাৰ কলগাছিয়াৰ তাপেশ্বৰা গাঁৱত অঘটন । পুখুৰীৰ পানীত পৰিল একেটা পৰিয়ালৰ তিনিটি শিশু । এই তিনিটি শিশুৰ ভিতৰত সাহাব উদ্দিন নামৰ লোকজনৰ কন্যা সুহানা পাৰবিন (৩)ৰ সমাধি ঘটে । অৱশ্য়ে স্থানীয় ৰাইজে জীৱন্তে উদ্ধাৰ কৰে শ্বৰিফুল ইছলামৰ পুত্ৰ শ্বাফিন আহমেদ (৩) আৰু শ্বাহানুৰ ইছলামৰ কন্যা ছাদিয়া খাতুন (৪)ক । ইয়াৰ পিচতেই পৰিয়ালৰ লোকে দুয়োটি  শিশুক সংকটজনক অৱস্থাত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎস্যালয়ত ভৰ্তি কৰায়।  

ঘটনাৰ বিৱৰণি অনুসৰি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তাপেশ্বৰা গাঁৱত একেটা পৰিয়ালৰ ৩ টি শিশু ঘৰৰ ওচৰতে থকা পুখুৰীৰ পাৰত খেলি থকা অৱস্থাত পানীত পৰি ডুব যায় । কিছু সময় পিচত পৰিয়ালৰ লোকে শিশুকেইটিক দেখা নাপাই বিচাৰ খোচাৰ কৰাত পুখুৰীৰ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰি শিশু কেইটিক তুলি আনে যদিও এটিৰ মৃত্যু হয় ।

লগতে পঢ়ক:গা ধুবলৈ গৈ সলিল সমাধি একে পৰিয়ালৰ দুই ছাত্ৰৰ - Students Death By Drowning

গ্ৰীষ্মবন্ধৰ আনন্দ কৰোতেই পানীত ডুবিল তিনি শিশু - Child Death By Drowning

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.