ঘৰৰ পাচফালৰ পুখুৰীত পৰি কৰুণ মৃত্যুক সাবটিলে কণমানিয়ে - Child death by drowning

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 5:16 PM IST

thumbnail
ঘৰৰ পাচফালৰ পুখুৰীত পৰি কৰুণ মৃত্যুক সাবটিলে কণমানিয়ে (ETV Bharat Assam)

গোলাঘাট,২৬ জুন: মঙলবাৰে গোলাঘাট জিলাৰ নুমলীগড়ৰ হালধিবাৰী গাঁৱত সংঘটিত হয় এক কৰুণ ঘটনা । নিশা নিজৰ ঘৰৰ পুখুৰীত পৰি প্ৰাণ হেৰুৱাই এগৰাকী কণমানিয়ে । তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকী সন্ধ্যাৰ ভাগত গৈছিল ঘৰৰ পাচফালৰ পুখুৰীৰ ফালে । তাৰ পাচতে বহু সময় ধৰি উভতি নহাত পৰিয়ালৰ লোকে বিচৰাত সম্ভেদ নাপায় কণমানিটোৰ । বহু সময়ৰ পাচত পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে ।  

কণমানিটোৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাচতে স্থানীয় গাঁওপ্ৰধান তথা গাওঁৰক্ষী বাহিনীয়ে বগীজান আৰক্ষীক খবৰ দিয়াত বগীজান আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ কণমানিটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইতিমধ্যে সমগ্র ঘটনা সন্দৰ্ভত বগীজান আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । আনফালে তৃতীয় শ্ৰেণীৰ কণমানিটোৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.