আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মহানগৰীত কাৰ ৰেলী - International Womens Day 2024
🎬 Watch Now: Feature Video
Published : Mar 8, 2024, 3:22 PM IST
গুৱাহাটী,৮ মাৰ্চ: সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন দল সংগঠন, স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । পৃথিৱী নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত নাৰী দিৱস উপলক্ষে কাৰ ৰেলীৰ আয়োজন কৰা হৈছে । এজনে আনজনক উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা কাৰ ৰেলীত বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা কেইবাগৰাকী মহিলাই অংশগ্ৰহণ কৰে । বি বৰুৱা মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই কাৰ ৰেলী গুৱাহাটী ক্লাৱ, আমবাৰী, দীঘলীপুখুৰী হৈ বি বৰুৱা মহাবিদ্যালয়তে সামৰণি পৰে ।
আনহাতে নাৰী দিৱসৰ লগত সংগতি ৰাখি অসম নাৰী সৱলীকৰণ দৌৰ ২০২৪ অনুষ্ঠিত হয় । ছাত্ৰ আৰু যুৱ কল্যাণ, অসমে আয়োজন কৰিছে এই নাৰী সৱলীকৰণ দৌৰ ২০২৪ । উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ পৰা আৰম্ভ হোৱা নাৰী সৱলীকৰণ দৌৰ ২০২৪ দিছপুৰ ছুপাৰমাৰ্কেটত সামৰণি পৰে । ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই ফ্লেগ অফ কৰে অসম নাৰী সৱলীকৰণ দৌৰ ২০২৪ ৰ । এই দৌৰত প্ৰায় ৩০০ মহিলাই অংশগ্ৰহণ কৰে ।