ৰাজপথত উন্মুক্ত বৃহৎ গাঁত: কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ - Road Accident
🎬 Watch Now: Feature Video
Published : Feb 25, 2024, 9:44 PM IST
আমগুৰি, 25 ফেব্ৰুৱাৰী : শিৱসাগৰ জিলাৰ বলিয়াঘাটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ পথ নিৰ্মাণৰ বাবে খান্দি থোৱা গাঁতত সোমাল চাৰিচকীয়া বাহন ৷ দুৰ্ঘটনাত আহত চাৰিজনকৈ লোক ৷
জানিব পৰা মতে শিৱসাগৰ জিলাৰ বলিয়াঘাটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত যোৰহাট দিশৰ পৰা শিৱসাগৰ অভিমুখে আহি থকা AS 06 J 2555 নম্বৰৰ চেভ্ৰলেট বাহনখনে AS 04 M 2070 নম্বৰৰ হুণ্ডাই i 10 বাহনখনত খুন্দা মাৰে ৷ ফলত চেভ্ৰলেট বাহনখন কাষতে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে খান্দি থোৱা এটা দ গাঁতত সোমাই পৰে ৷ অৱশ্যে সৌভাগ্য ক্ৰমে এই ঘটনাত প্ৰাণ ৰক্ষা পৰে আটাইকেইজন যাত্ৰীৰ ৷
এই ঘটনাত চেভ্ৰলেট বাহনখনৰ দুয়োগৰাকী আৰোহী আহত হোৱাৰ লগতে আনখন বাহনৰ দুজন যাত্ৰীও আঘাতপ্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত জয়সাগৰ আৰক্ষী উপস্থিত হয় ৷ আহত কেইজনক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখ্য যে, অসম্পূৰ্ণ চাৰিলেনযুক্ত পথৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা ৷
লগতে পঢ়ক : বৰক্ষেত্ৰীত বিধ্বংসী অগ্নিকাণ্ড; কেবা লক্ষাধিক টকাৰ সা সম্পত্তি ধ্বংস