জিৰিবামত হিংসাত্মক পৰিস্থিতি: অসম-মণিপুৰ সীমান্তত কঠোৰ নিৰাপত্তা - ASSAM MANIPUR BORDER
🎬 Watch Now: Feature Video


Published : Nov 14, 2024, 5:02 PM IST
শিলচৰ: মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি কাছাৰৰ অসম-মণিপুৰ সীমান্তত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷ জিৰিবামত চি আৰ পি এফৰ গুলীত ১১ জন সন্দেহজনক কুকি উগ্ৰপন্থী নিহত হোৱা ঘটনাৰ পাছতে মণিপুৰ সীমান্তত কাছাৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷ সীমান্তৰ স্থলপথৰ সমান্তৰালকৈ নদীপথতো আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷
আনকি মণিপুৰৰ পৰা কাছাৰত অবৈধভাৱে যাতে কোনো প্ৰৱেশ কৰিব নোৱাৰে, তাৰ প্ৰতিও লক্ষ্য ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষী অধীক্ষক নোমল মাহত্তাই সংবাদ মাধ্যমৰ আগত জনোৱা মতে, জিৰিবামৰ অশান্তিকৰ পৰিৱেশৰ সুযোগ লৈ কাছাৰত কূটাঘাত কৰাৰ পৰিকল্পনা কৰে কিছু দুৰ্বৃত্তই ৷ এই খবৰ আৰক্ষীয়ে লাভ কৰাৰ পাছতে মণিপুৰ সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ আনকি মণিপুৰ সীমান্তৱৰ্তী নদীপথসমূহতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷