বি টি চিৰ চৰকাৰ বি পি এফৰ হাতলৈ আহিবই : হাগ্ৰামা মহিলাৰী - hagrama mohilary

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 7:33 PM IST

thumbnail
অদালবাৰীত বি পি এফ দলৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সমিতিৰ সভা (ETV Bharat Assam)

বাক্সা, 29 জুলাই : বাক্সা জিলাৰ মুছলপুৰৰ অদালবাৰীত বি পি এফ দলৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সমিতিৰ সভা ৷ এই সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ তেওঁ কয় যে, 2025 ৰ বি টি চিৰ পৰিষদীয় নিৰ্বাচনত বি পি এফে চৰকাৰ গঠন কৰাটো নিশ্চিত ৷ তদুপৰি চৰকাৰ গঠন কৰিয়েই প্ৰথম কাম হিচাপে বিগত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ভূমিৰ পট্টা লাভ নকৰা লোকক বি পি এফে মাটিৰ পট্টা প্ৰদান কৰিব বুলি মন্তব্য কৰে তেওঁ ৷  

আনহাতে আগন্তুক উপ-নিৰ্বাচনত বি পি এফ দলে চিদলী বিধানসভা সমষ্টিত অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইউ পি পি এলক কটাক্ষ কৰি কয় যে, লোকসভা নিৰ্বাচনত জয়ী হ'লেও ইউ পি পি এলে আনন্দ-উৎসৱ পালন কৰাৰ সাহস কৰিব পৰা নাই ৷ কাৰণ সেয়া তেওঁলোকৰ প্ৰকৃত জয় নহয় বুলি কয় তেওঁ ৷ 

লগতে পঢ়ক : নীতিন গাডকাৰীক গামোচা পিন্ধাবলৈ সাজু গৌৰৱ গগৈ - MP Gaurav Gogoi

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.