thumbnail

নিমাটীঘাটত বৰ্তমানেও বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 6:30 PM IST

যোৰহাট,২ জুলাই: বৰ্তমানেও জটিলৰূপত ৰাজ্যৰ বান পৰিস্থিতি । নিমাতীঘাটত পৰিস্থিতি পূৰ্বৰ তুলনাত সামান্য উন্নত হৈছে যদিও নিমাতীঘাটত বিপদসীমাৰ দুই ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ পানী । ইফালে বাঢ়নী পানীয়ে যোৰহাট জিলাখনৰ কেইবাটাও ৰাজহ চক্ৰৰ অধীনৰ কেইবাখনো গাঁও এতিয়াও জলমগ্ন কৰি ৰাখিছে ৷ মঙলবাৰে জিলা আয়ুক্ত পুলক মহন্তৰ তত্বাৱধানত বানাক্ৰান্তসকলক এখন ফেৰীৰে সাহায্য প্ৰদান কৰা হয় ।  

আনহাতে নিমাতীঘাটত জলস্তৰ হ্ৰাস হৈছে যদিও এতিয়াও বিপদে লগ এৰাৰ নাই । কাৰণ নিমাতীৰ পৰা নিলগৰ ৮নং শৈল স্পাৰৰ মথাউৰিৰ অৱস্থা অতিকৈ দুৰ্বল হৈ পৰিছে । যিকোনো সময়ত উক্ত মথাউৰিয়ে জনসাধাৰণৰ জীৱনলৈ মাতিব পাৰে ভয়ংকৰ বিপদ । সেয়েহে উক্ত মথাউৰিটো ৰক্ষা কৰিব বাবে দিনে-নিশাই কাম কৰি থকা পৰিলক্ষিত হৈছে । এজন অতিৰিক্ত আয়ুক্তৰ তত্বাৱধানত উক্ত কামৰ পৰ্যবেক্ষণ কৰা হৈছে । ইফালে জিলা আয়ুক্তই জিলাখনৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলৰ লোকৰ লগতে প্ৰভাৱিত হ'ব পৰা লোকসকলক সজাগ-সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে । 

লগতে পঢ়ক: ফেনে-ফোটোকাৰে বাঢি়ছে কানামাক্ৰা নৈ, বানত আক্ৰান্ত বহু পৰিয়াল - Assam Flood 2024

চকুৰ সন্মুখতে উটি গ’ল সমস্ত: কন্দাৰ বাহিৰে উপায় নাই বানাক্ৰান্তৰ - Assam Flood 2024

বানৰ কবলত গাঁও-নগৰ : জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতি - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.