যোৰহাট দিৱসত গ্ৰন্থদান পাত্ৰ মুকলি - Jorhat Day

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 3:44 PM IST

thumbnail
যোৰহাট দিৱস (ETV BHARAT ASSAM)

টীয়ক, ২৯ জুন: আজি যোৰহাট দিৱস । যোৰহাট দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ত গ্ৰন্থ দিৱস উদযাপন কৰা হৈছে । তদুপলক্ষে পূব যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত বলমা 'ক' মণ্ডলৰ উদ্যোগত টীয়কৰ ব্যৱসায়িক প্ৰতিষ্ঠান ফুড ভিল্লা প্ৰাংগণত এটি গ্ৰন্থদান পাত্ৰ মুকলি কৰা হয় । উক্ত গ্ৰন্থদান পাত্ৰ মুকলি অনুষ্ঠানটো অসম লেখিকা সমাজৰ প্ৰকাশন সচিব লেখিকা যোগমায়া সন্দিকৈয়ে এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে । তাৰ পাচতে গ্ৰন্থদান পাত্ৰটো মুকলি কৰে টীয়কৰ বিশিষ্ট ব্যৱসায়ী ৰবীন ভুঞাই ।  

মণ্ডল সমন্বয়ক দিগন্ত শইকীয়াই আঁতধৰা এই অনুষ্ঠানটোত পূব যোৰহাট শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মৃন্ময় গোস্বামী,খণ্ড ব্যৱস্থাপনা প্ৰণালী সমন্বয়ক পলাশ জ্যোতি দত্তৰ লগতে বলমা 'ক' মণ্ডলৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকি সহযোগিতা আগবঢ়ায় । ইপিনে, জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে ব্যতিক্ৰমভাৱে এইদৰে ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰন্থদান পাত্ৰ সংস্থাপনৰ জড়িয়তে সমগ্ৰ অঞ্চলটোতে এক কিতাপ পঢ়াৰ পৰিবেশ গঢ়ি তুলিব বুলি সকলোৱে আশা প্ৰকাশ কৰে । এই পাত্ৰটো অনিৰ্দিষ্ট কাললৈকে স্থাপন কৰা হৈছে বুলি উদ্যোক্তাসকলে সদৰী কৰিছে ।

লগতে পঢ়ক:জিলা কাৰাগাৰত কাৰাবন্দীৰ মাজত পাঠ্যপুথি বিতৰণ - Morigaon District Jail

 

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.