নগাঁৱত বোমাৰ সন্ধানত অভিযান অব্যাহত - ULFA I bomb plans - ULFA I BOMB PLANS
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-08-2024/640-480-22213188-thumbnail-16x9-bomatanka-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 15, 2024, 4:25 PM IST
নগাঁও,১৫ আগষ্ট: নগাঁৱৰ দুটাকৈ স্থানত বোমা সংস্থাপন কৰা বুলি আলফা স্বাধীনে বিবৃতি প্ৰকাশ কৰাৰ পাছতেই তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী । নগাঁৱৰ মেডিকেল কলেজ ৰোডৰ লগতে বৰঘাট বাইপাছতো আৰক্ষীয়ে বোমা বিচাৰি অব্যাহত ৰাখিছে অভিযান । বৰঘাট আৰক্ষী চকীৰ সমীপতে বোমা থকাৰ সন্দেহ কৰি তীব্রতৰ কৰি তুলিছে অভিযান ।
বাতৰি সংগ্ৰহৰ সময়লৈকে বোমা আছে নে নাই সেয়া নিশ্চিত কৰা নাই আৰক্ষী প্ৰশাসনে । কিন্তু বোমা থকাৰ সন্দেহত ইতিমধ্যেই বৰঘাটত বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈছে । লগতে বোমা নিষ্ক্ৰিয় কৰাৰ সকলো সামগ্ৰী লগত লৈ সষ্টম হৈ আছে আৰক্ষীৰ লগতে চি আৰু পি এফৰ বোমা বিশেষজ্ঞৰ দল । সমগ্ৰ নগাঁৱত সম্প্ৰতি সৃষ্টি হৈছে বোমা আতংকৰ ।