ৰে'লৱে ষ্টেচনৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ - DEADBODY RECOVERED

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 8:46 AM IST

thumbnail
আৰ্চিপথাৰ ৰে'লৱে ষ্টেচনৰ সমীপত মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

জোনাই, ১০ ছেপ্টেম্বৰ : ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত আৰ্চিপথাৰ ৰে'লৱে ষ্টেচনৰ সমীপত পুৱাই এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হয় । পুৱাই আৰ্চিপথাৰ ৰে'লৱে ষ্টেচনৰ সমীপত লোকজনৰ মৃতদেহ প্ৰাতঃভ্ৰমণলৈ অহা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি চিলাপথাৰ থানাৰ আৰক্ষীৰ লগতে ৰে'ল আৰক্ষীক খবৰ দিয়ে । পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।  

স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি, জোনাইৰ পৰা ডেকাৰগাঁও অভিমুখে আহি থকা ৰে'লে মহতিয়াই নিয়াৰ ফলত লোকজনৰ মৃত্যু হৈছে । এই লোকজন ক'ৰ পৰা ক'লৈ গৈ আছিল সেই বিষয়ে জানিব পৰা হোৱা নাই । তদুপৰি বাতৰি লিখা পৰলৈকে আৰক্ষীয়েও লাভ কৰা নাই নিহত লোকজনৰ প্ৰকৃত পৰিচয় । সোমবাৰে পুৱা সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

লগতে পঢ়ক:মাকুমত পুখুৰীত উদ্ধাৰ উৱলি যোৱা মৃতদেহ - Death mystery in Tinsukia

মঙলবাৰে পুৱাই নাৰেংগীত হৈ চৈ : যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Mysterious Death

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.