ভোগদৈত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ : অঞ্চলজুৰি চাঞ্চল্য - DEADBODY RECOVERED

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 9:24 PM IST

thumbnail
ভোগদৈত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

যোৰহাট,১৯ জুলাই: শুকুৰবাৰে যোৰহাট জিলাৰ মৰিয়নীত ভোগদৈ নৈত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ । ঘটনাৰ বিৱৰণী অনুসৰি নগা পাহাৰৰ পৰা বৈ অহা ভোগদৈ মৰিয়নী অংশৰ অৰ্থাৎ নেপালী বস্তিৰ সমীপৰ ভোগদৈত এটা মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । ফলত অঞ্চলজুৰি একপ্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হয় । কাৰণ ওপঙি থকা ব্যক্তিজন উক্ত অঞ্চলৰ বুলি প্ৰথমাৱস্থাত ভবা হৈছিল যদিও পৰৱৰ্তী সময়ত সেই অঞ্চলৰ নহয় বুলি স্পষ্ট হয় ।  

ভোগদৈত ওপঙি থকা মৃতদেহৰ বিষয়ে মৰিয়নী আৰক্ষীক খবৰ দিয়াৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল । ভোগদৈত ওপঙি থকা মৃতদেহটো পুৰুষ বুলি চিনাক্ত কৰা হয় । ইতিমধ্যে মৃতদেহটো ভোগদৈৰ বুকুৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । মৃতদেহটো নগা পাহাৰৰ পৰা উটি অহাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।

লগতে পঢ়ক: এৰাপাত আনিবলৈ গৈ দৈগ্ৰোঙত সলিল সমাধি এজনৰ - Death By Drowning

লংনিট নদীত উদ্ধাৰ সন্ধানহীন ৰৌচনৰ মৃতদেহ - DEAD BODY RECOVERed

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.