সৰভোগৰ নিৰুদিষ্ট যুৱকৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ
🎬 Watch Now: Feature Video
Published : Feb 27, 2024, 9:56 PM IST
বৰপেটাৰোড, 27 ফেব্ৰুৱাৰী : সৰভোগৰ কেতেকীবাৰীত এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সৰভোগৰ কেতেকীবাৰী গাঁৱৰ তৰুণ দাসৰ বাৰীত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ৷ মৃতদেহটো সৰভোগৰ মেদা গাঁৱৰ যুৱক মিতুল আলী বুলি চিনাক্ত কৰা হৈছে ৷ মৃতদেহটো উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে ৷
মঙলবাৰে স্থানীয় এগৰাকী মহিলাই বাৰীখনলৈ যাওঁতে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ মহিলাগৰাকীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকক খবৰ দিয়ে । পাচত স্থানীয় গাঁওবুঢ়াই সৰভোগ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে কেতেকীবাৰীলৈ গৈ চিপ লৈ থকা অৱস্থাত উৱলি যোৱা মৃতদেহটো বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড৹ মিথিংগা দৈমাৰীৰ উপস্থিতিত উদ্ধাৰ কৰে ৷
উল্লেখ্য যে বিগত ১৫/২০ দিন পূৰ্বৰে পৰাই যুৱকজন নিৰুদ্দেশ হৈ আছিল বুলি জানিব পৰা গৈছে ৷ কোনো লোকে যুৱকজনক হত্যা কৰি গছত ওলমাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ সৰভোগ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : নাৰায়ণপুৰত যুৱকৰ মৃতদেহ উদ্ধাৰ