চিয়াং নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ নিগনী টুকুৰা সুঁতিত - Body of missing youth recovered
🎬 Watch Now: Feature Video
জোনাই, ২০ মে': ধেমাজি জিলাৰ জোনাইৰ চিয়াং নদীত সন্ধানহীন হোৱা এজন যুৱকৰ মৃতদেহ দেওবাৰে উদ্ধাৰ কৰে জোনাই থানাৰ আৰক্ষী আৰু এছ ডিআৰএফে । উল্লেখযোগ্য যে যোৱা ১৩ মে' দিনৰ ২ বজাত জোনাইৰ বেৰা বেংগলী গাঁৱৰ ভুৱন দাস নামৰ যুৱকজনে একেখন গাঁৱৰে দুই যুৱকৰ সৈতে এখন সৰু যন্ত্ৰচালিত নাৱত চিয়াং নদীত মাছ মাৰিবলৈ গৈছিল । কিন্তু মাছ মাৰি ঘৰলৈ ওভতি অহাৰ সময়ত ১৪ মে'ৰ পুৱা ৪ বজাত নাওখনৰ পৰা পিছল খাই নদীত সন্ধানহীন হৈ পৰে ।
এই ঘটনাটোৰ পিছতে জোনাই থানাৰ আৰক্ষী আৰু এছ ডিআৰএফে নদীৰ বুকুত দিনটোত উদ্ধাৰ অভিযান চলায় যদিও যুৱকজনৰ কোনো ধৰণৰ সন্ধান পাবলৈ সক্ষম নহ'ল । কিন্তু দেওবাৰে চিয়াং নদীৰ কাষতে লাগি থকা নিগনী টুকুৰা নামৰ সুঁতিত এজন মাছমৰীয়াই মৃতদেহটো প্ৰত্যক্ষ কৰি এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰে । লগে লগে জোনাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নিশা জোনাই আৰক্ষী থানাত ৰখাৰ পিছতে সোমবাৰে পুৱাই মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজিলৈ প্ৰেৰণ কৰে ।