ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ পশু চিকিৎসালয়ৰ নিৰুদ্দিষ্ট কৰ্মচাৰীৰ মৃতদেহ - Mysterious Death

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 7:45 PM IST

thumbnail
ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ মৃতদেহ (ETV Bharat Assam)

ৰহা, 27 জুন : ৰহাৰ আমচৈৰ পৰা নিৰুদ্দেশ হৈ আছিল হাজোৰ এজন ২৫ বছৰীয়া যুৱক ৷ বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱকজনক বৃহস্পতিবাৰে পুৱা তিতাইমাৰী দলঙৰ সমীপৰ চাপৰমুখ-কামপুৰ ৰাজ্যিক ঘাইপথত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।

আৰক্ষীৰ মতে, অঞ্চলটোৰ স্থানীয় লোকে প্ৰথমে মৃতদেহটো দেখা পাই তেওঁলোকক খবৰ দিয়ে ৷ AS 25 X 4948 নম্বৰৰ এখন দুচকীয়া বাহন মৃতদেহটোৰ সমীপতে উদ্ধাৰ কৰা হৈছে । মৃতদেহটো উদ্ধাৰ হোৱাৰ পিচতে আৰক্ষীয়ে আমচৈ পশু চিকিৎসা উপ-কেন্দ্ৰৰ ক্ষেত্ৰ সহায়ক কৌশিক বৰুৱা বুলি চিনাক্ত কৰে ৷

মৃত যুৱকজনৰ পৰিয়ালৰ পৰা লাভকৰা তথ্য অনুসৰি বুধবাৰে দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল কৌশিক ৷ পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও তেওঁক বিচাৰি উলিয়াব পৰা নাছিল ৷ যুৱকজন নিৰুদ্দেশ হোৱাৰ পিচতে আৰক্ষীক এই বিষয়ে অৱগত কৰোৱা হয় ৷ আৰক্ষীয়ে গোচৰটো ৰুজু কৰিছিল যদিও যুৱকজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল ৷

মৃতদেহত কোনো বাহ্যিক আঘাতৰ চিন লক্ষ্য কৰা হোৱা নাই ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিচতহে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব ৷

লগতে পঢ়ক: ভোগদৈৰ বুকুত অঘটন : পঞ্চম শ্ৰেণীৰ ছাত্র সন্ধানহীন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.