পাঁচদিনৰ পিচত উদ্ধাৰ বাঢ়নী পানীত নিখোজ হোৱা বাবুল দাসৰ মৃতদেহ - Dead Body Found

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 5:51 PM IST

thumbnail
বাঢ়নী পানীত নিখোজ হোৱা বাবুল দাসৰ মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 5 জুন : গুৱাহাটীৰ পানীখাইতিত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত নিখোজ হোৱা বাবুল দাস নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ পাঁচদিনৰ পিচত শুকুৰবাৰে বোন্দাৰ ঘুলিগাঁৱত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় বাঢ়নী পানীত নিখোজ হোৱা যুৱকজনৰ মৃতদেহটো ৷

উল্লেখ্য যে, বিগত 30 জুনত পানীখাইতি ৰাজাবাৰী পথেৰে ই-ৰিক্সা লৈ নিশা সাতগাৱঁৰ তিনি যুৱক ধন দৈমাৰী, ডম্বৰুধৰ পাঠক আৰু বাবুল দাস ৰে’লগেটলৈ আহি থকা অৱস্থাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি গৈছিল ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ধন দৈমাৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰে ৷ আনহাতে ঘটনাৰ নিশাই এছ ডি আৰ এফ-এ ডম্বৰুধৰ পাঠকৰ মৃতদেহ উদ্ধাৰ কৰে ৷ কিন্তু কোবাল সোঁতত উটি যোৱা বাবুল দাসৰ কোনো সন্ধান পোৱা নাছিল উদ্ধাৰকাৰী দলে ৷ অৱশেষত আজি বাবুল দাসৰ মৃতদেহ বোন্দাৰ ঘুলিগাৱঁত উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক : মৰণফান্দত পৰিণত মহানগৰীৰ ৰাজপথ : কাৰ ভুলৰ বাবে নলাত উটি গ’ল শিশু ? - Heavy rain in assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.