মৰিয়নীত বস্তাত ভৰাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ - Deadbody Recovered - DEADBODY RECOVERED
🎬 Watch Now: Feature Video


Published : May 7, 2024, 10:06 PM IST
মৰিয়নী,৭ মে': মৰিয়নীত ধাৰাৱাহিকভাৱে উদ্ধাৰ হৈছে এটা পিছত আন এটা মৃতদেহ । বৃদ্ধি হৈছে হত্যাকাণ্ডৰ ঘটনা । এনেবোৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই মৰিয়নীত পুনৰ উদ্ধাৰ হয় আন এটা মৃতদেহ । ঘটনা অনুসৰি মৰিয়নী জাতীয় বিদ্যাপীঠৰ সমীপৰ ৰে'ল লাইনৰ দাঁতিত এটা পৰিত্যক্ত খালত মঙলবাৰে স্থানীয় ৰাইজে এটা মৃতদেহ প্ৰত্যক্ষ কৰি ৰে'ল আৰক্ষীক খবৰ দিয়ে । বস্তাত ভৰাই থোৱা অৱস্থাত ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ।
উদ্ধাৰ হোৱা মৃত ব্যক্তিজনক কোনো লোকে হত্যা কৰি উক্ত স্থানত পেলাই থৈ যোৱা সন্দেহ কৰে স্থানীয় লোকে । ৰে'ল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সকলো স্থান পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰে । তাৎপযপূৰ্ণ যে মৰিয়নীত তিনিটা দিনত চতুৰ্থটো মৃতদেহ উদ্ধাৰ কৰাই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা লগতে আৰক্ষী নিৰাপত্তা দিশটোৰ প্ৰতিও প্ৰশ্ন উথাপন কৰিছে । উল্লেখ্য যে মৰিয়নীত ধৰাবাহিকভাৱে সংঘটিত হোৱা হত্যাকাণ্ড আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই আৰক্ষী প্ৰশাসনৰ ভিতচৰাত তীব্ৰ খলকনিৰ সৃষ্টি কৰে বুলি এক বিশেষ সুত্ৰই জানিবলৈ দিয়ে ।