দুখীয়াৰ বাবে অহা চাউলৰ ক'লা বেহা পাতিছে সমবায় সমিতিয়ে - Rice Corruption in Barpeta - RICE CORRUPTION IN BARPETA
🎬 Watch Now: Feature Video
Published : Jul 27, 2024, 10:10 PM IST
বৰপেটা,২৭ জুলাই: ৰাজ্যত অব্যাহত আছে বগা চাউলৰ ক'লা ব্যৱসায় । এইবাৰ বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডবাস্থিত দেশভক্ত সমবায় সমিতি লিমিটেডত পোহৰলৈ আহিছে এই তথ্য । প্ৰায় ৫০ কুইন্টল চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ সময়তে হাতে লোতে ধৰা পেলাই সমিতিখনৰ একাংশ সদস্যই । সমবায় সমিতিখনৰ সচেতন সদস্যসকলে হাতেলোটে ধৰা পেলাই বৃহৎ পৰিমানৰ সুলভ মুল্যৰ চাউলখিনি । দীৰ্ঘদিন ধৰি দেশভক্ত সমবায় সমিতিখনত চলি আছিল এই বেহা ।
এই দুষ্কাৰ্য সংঘটিত কৰাৰ ক্ষেত্ৰত সমবায় সমিতিখনৰ সচিব কমল গোস্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে । সমবায় সমিতিৰ একাংশ সদস্যৰ অভিযোগ অনুসৰি সমবায়খনৰ সচিব কমল গোস্বামীয়ে বছৰ বছৰ ধৰি চলাই আহিছিল এই ৰমৰমীয়া ব্যৱসায় । এখন চাৰিচকীয়া বাহনসহ চোৰাং চাউলখিনি ইতিমধ্যে কয়াকুছি আৰক্ষীয়ে জব্দ কৰে । AS-15-AC-0649 নম্বৰৰ বলেৰ' পিকআপ ভেনত চাউলখিনি লৈ যোৱাৰ সময়ত ধৰা পেলাইছিল সমবায় সমিতিৰ একাংশ সদস্যই ।