স্বাধীনতা দিৱসৰ দিনাই ৰাজপথত মটৰচাইকেল আৰোহীক নিৰ্মম প্ৰহাৰ ব্লেক কামাণ্ডোৰ - Black Commando scare

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 6:47 PM IST

thumbnail
স্বাধীনতা দিৱসৰ দিনাই খৰ্ব মানৱ অধিকাৰ (ETV Bharat Assam)

মৰাণ,১৫ আগষ্ট: দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত মৰাণত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ওলাই অহা একাংশ মটৰচাইকেল চালকক ৰাজপথত নিৰ্মম প্ৰহাৰ আৰক্ষীৰ ব্লেক কামাণ্ডোৰ । তীব্ৰ বেগত মটৰচাইকেল চলোৱাৰ অভিযোগত মটৰ চাইকেলৰ ওপৰতে প্ৰহাৰ কৰে ব্লেক কামাণ্ডোৱে । আৰক্ষীৰ সংকেত মানি ৰৈ দিয়াৰ পাছতো নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ । ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তিলৈনগৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত আৰক্ষী কামাণ্ডোৰ এই নিৰ্মম প্ৰহাৰৰ দৃশ্য বন্দী হ'ল কেমেৰাত ।  

এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৰাণত । যান-বাহন আইন উলংঘা হৈছে যদি জৰিমনা বিহাৰ পৰিৱৰ্তে মাৰধৰ কৰা ঘটনাক গৰিহণা জনাইছে মৰাণৰ একাংশ সচেতন লোকে ৷ উল্লেখ্য দুদিনমানৰ পূৰ্বে মৰাণৰ ধেমেচী চাৰিআলিতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল মৰাণ আৰক্ষীৰ বিৰুদ্ধে । স্বাধীনতা দিৱসৰ দিনটোতে এনে সাধাৰণ নাগৰিকৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ কৰিছে বিভিন্নজনে ।

লগতে পঢ়ক: এতিয়ালৈকে বোমা বুলি নিশ্চিত হোৱা নাই: নলবাৰীৰ বোমাকাণ্ডত আৰক্ষী অধীক্ষকৰ মন্তব্য - 78th Independence day

বোমাৰ সন্ধানত তৎপৰ আৰক্ষী: গুৱাহাটীৰ দিছপুৰ আৰু শৰণীয়াত অভিযান - 78th Independence day

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.