ৰঞ্জন গগৈক লৈ গৌৰৱত গদগদ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কামাখ্যা প্ৰসাদ তাছা

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 1:31 PM IST

thumbnail

যোৰহাট, 22 জানুৱাৰী: "দেশত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, এই ৰামময় পৰিস্থিতি কোনেও কৰা নাছিল ৷ যিখন দেশৰ প্ৰধামন্ত্ৰীয়েই ইমান আধ্যাত্মিক, সেইখন দেশেই ৰাম ৰাজ্য ৷ এতিয়া দেশজুৰি যি জয় শ্ৰী ৰাম ধ্বনি মুখৰিত হৈছে, তাতেই প্ৰকাশ পাইছে যে আমি ভবা ৰাম ৰাজ্য এইখনেই ৷"  বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কামাখ্যা প্ৰসাদ তাছাই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মাহেন্দ্ৰ ক্ষণত এই মন্তব্য প্ৰকাশ কৰে ৷

লগতে অসম সন্তান ৰঞ্জন গগৈক লৈ গৌৰৱবোধ তৰি তাছাই কয়, "ৰঞ্জন গগৈয়ে যি ৰায়দান দিছিল তাত কোনো বিতৰ্ক হোৱা নাছিল ৷ তাৰ বাবে আমি অত্যন্ত সুখী ৷ ৰঞ্জন গগৈ অসমৰ সন্তান ৷ ৰঞ্জন গগৈৰ ব্যক্তিত্বই সমগ্ৰ বিশ্বত প্ৰভাৱ পেলাব পাৰে ৷ "

এজন অসমীয়া হিচাপে ৰঞ্জন গগৈক লৈ মই গৌৰৱবোধ কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছো বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক: ‘‘আমাৰেই মেকুৰী’’ বুলি হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ মল্লিকাৰ্জুন খাৰ্গেৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.