thumbnail

বিজয় অৱশ্যম্ভাৱী : তিনিচুকীয়াত সৰ্বানন্দ সোণোৱাল - Lok Sabha Election Results 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 2:05 PM IST

তিনিচুকীয়া, 4 জুন : লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সমষ্টিটোত তিনিকোণীয়া যুঁজৰ সম্ভাৱনা দেখা গৈছিল যদিও মূল যুঁজখন বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ মাজত হোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়া তথ্য অনুসৰি 1,57,695 ভোটত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল ৷

ইয়াৰ মাজতে তিনিচুকীয়াৰ ভোটগণনা কেন্দ্ৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ৷ ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ ডিব্ৰুগড় লোকসভাৰ পৰা বিপুল ভোটত জয়যুক্ত হ’ব বুলি দাবী কৰে তেওঁ ৷ লগতে দেশত পুনৰ বিজেপি চৰকাৰ গঠন নিশ্চিত বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক : কাৰ কপালত আছে ৰাজভোগ ? ভাগ্য নিৰ্ণয় হ’ব অসমৰ ১৪ টা লোকসভা সমষ্টিৰ মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.