thumbnail

বিপুল ভোটত জয়ী হোৱাৰ লক্ষ্যৰে মনোনয়ন দাখিল দিগন্ত ঘাটোৱাৰৰ

By ETV Bharat Assamese Team

Published : 2 hours ago

বিশ্বনাথ: চৰ্চিত বিহালী সমষ্টিত মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে । বিজেপি প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ ৰঞ্জিত দত্ত, মন্ত্ৰী পীযুষ হাজৰীকা, সঞ্জয় কিষাণে । প্ৰায় পাঁচ সহস্ৰাধিক বিজেপি নেতা-কৰ্মীক লগত লৈ বিহালী উপ-নিৰ্বাচনৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে দাখিল কৰে নিজৰ মনোনয়ন পত্ৰ । বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়া মুনিন্দ্ৰ নাথ ঙাটেৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ।  

এই মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "উপ-নিৰ্বাচনত যিমান সংখ্যক মানুহ ওলাই আহিছে, এইয়ে প্ৰমাণ কৰে যে বিহালী বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ প্ৰায় ৪০,০০০ হাজাৰ ভোটত বিজয়ী হ'ব ।" ইফালে বিহালী বিধানসভা বৰ্তমান সময়লৈকে বিৰোধী দল কংগ্ৰেছে প্ৰাৰ্থিত্ব ঘোষণা নকৰা সন্দৰ্ভত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয়, "বৰ্তমান বিহালীত বিৰোধী শূন্য । কংগ্ৰেছত প্ৰাৰ্থীৰ অভাৱ ঘটিছে যাৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰিবলৈ সাহস গোটাব পৰা নাই ।"

লগতে পঢ়ক: হাৰিয়ানা নিৰ্বাচনৰ পৰা শিক্ষা নল'লে ২০২৬ ত অসমতো মুখ থেকেচা খাব কংগ্ৰেছে: অজিত কুমাৰ ভূঞা

কৰ্মী-সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ

নিৰ্বাচনী ৰাজনীতিত খোজ প্ৰিয়ংকা গান্ধীৰ; ৱায়ানাড সমষ্টিৰ বাবে মনোনয়ন দাখিল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.