কংগ্ৰেছৰ দিনত মন্ত্ৰী-বিধায়ক অসৎ উদ্দেশ্যত ক্ষমতাশালী আছিল: ৰণোজ পেগু - Ranij Pegu on PM Modi
🎬 Watch Now: Feature Video


Published : Feb 21, 2024, 8:43 PM IST
ধেমাজি ,২১ ফেব্ৰুৱাৰী: ভাৰতীয় জনতা পাৰ্টিৰ ৭৮ নং ধেমাজি বিধানসভা সমষ্টি ভিত্তিত বুথ স্তৰৰ সন্মিলনখন আজি ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামানৰ সভাপতিত্বত অনুষ্ঠিত এই বুথ স্তৰৰ সন্মিলনখনিত ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰি কয় ৰাজনীতি ৰূপান্তৰৰ সংজ্ঞা । বৰ্তমান ৰাজনীতি সংস্কৃতিৰ ৰূপান্তৰ হৈছে বুলি উল্লেখ কৰি কয় যে যোৱা দহটা বছৰত যিখিনি প্ৰাপ্তি হৈছে এয়া সম্পূৰ্ণ এক ৰূপান্তৰ ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজনীতিৰ সংস্কৃতি হৈছে ৷ আইনৰ দ্বাৰা বিধিসন্মতভাৱে শাসন কৰাটোৱে নৰেন্দ্ৰ মোদীৰ মূলমন্ত্ৰ বুলি তেওঁ কয় ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কংগ্ৰেছ দলৰ কাৰ্যকতাসকলক সমালোচনা কৰি কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী- বিধায়কসকল অসৎ উদ্দেশ্যত ক্ষমতাশালী আছিল বুলি কয় ৷
তেওঁ কয় যে আগতে আপোনালোকে দেখিছিল যে পইচা দিলে চাকৰি পায় ৷ যদি কোনোৱাই কয় পইচা দিলে চাকৰি পায়, তেন্তে সেই ব্যৱস্থাটো ভাল ৷ তাৰ বাবে প্ৰত্যোকজন নাগৰিক বলি হোৱা বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই সন্মিলনখনত সাংসদ প্ৰদান বৰুৱা, জিলা বিজেপিৰ বিষয়ববীয়া, ধেমাজি বিধানসভা সমষ্টিটোৰ অন্তৰ্গত বুথ আৰু মণ্ডলৰ কাৰ্যকতাসকল উপস্থিত থাকে ৷