বিজেপি আৰু এ আই ইউ ডি এফে কেৱল সাম্প্ৰদায়িকতাৰ ৰাজনীতিহে কৰে: অখিল গগৈ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video
Published : Apr 24, 2024, 4:50 PM IST
ধিং,২৪ এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ আজি অন্তিম প্ৰচাৰৰ দিন । অন্তিমটো দিনত শাসক বিৰোধীয়ে তীব্ৰতৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ । মৈৰাবাৰীত নগাঁও লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ অখিল গগৈয়ে চলাই নিৰ্বাচনী প্ৰচাৰ । চাচা-মামাক একেলগে ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিয়াৰ আহ্বান জনাই অখিল গগৈয়ে ।
চাচা মৌলানা বদৰুদ্দিন আজমলৰ পিঠি মামা হিমন্ত বিশ্ব শৰ্মাই খজুৱাই দিয়ে বুলি কটাক্ষ কৰি তেওঁ কয় যে বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক দ'ল আৰু এ আই ইউ ডি এফ হ'ল মুছলমান সাম্প্ৰদায়িক দ'ল । দুয়েটা দলেই কেৱল সাম্প্ৰদায়িকতাৰ ৰাজনীতিহে কৰাত ব্যস্ত থাকে । বিজেপিয়ে ভুৱা অৰুণোদয় ফর্ম বিলাই ৰাইজৰ আদৰ বুটলিবলৈ চেষ্টা কৰিছে বুলি তেওঁ কটাক্ষ কৰে । মৈৰাবাৰীৰ মথাউৰি নিৰ্মাণ কৰি পীযুষ হাজৰীকাই মিঞাৰ ভোট বিচাৰিছে বুলি কৈ তেওঁ চৰকাৰী আঁচনিৰ বাবে দিয়া ধন পীযুষ হাজৰীকাৰ পিতৃৰ নে মুখ্যমন্ত্ৰীৰ পিতৃৰ বুলি প্ৰশ্ন উত্থাপন কৰে ।
লগতে পঢ়ক: মোৰ চুপতি মাৰিবলৈ সময় নাই: ফণীভূষণ চৌধুৰী - LOK SABHA ELECTION