ঢোল-পেঁপাৰ মাতত কঁপিছে পানীতোলা: কঁকাল ভাঙি নাচিবলৈ ওলাই আহিল কণমানিও

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 8:20 PM IST

thumbnail

তিনিচুকীয়া, ২০ মাৰ্চ: আকৌ আহিল হেঁপাহৰ ব’হাগ ৷ ব’হাগৰ আগমনৰ বতৰা পাই এতিয়া চৌদিশে ৰজনজনাইছে ঢোল-পেঁপাৰ মাতে ৷ ঢোল-পেপাঁৰ মাত শুনি অসমীয়াৰ এতিয়া সাতখন আঠখন ৷

ব’হাগ বিহুৰ পূৰ্বে ৰাজ্যৰ ভিন্ন স্থানত আৰম্ভ হৈছে বিহুনৃত্যৰ কৰ্মশালা ৷ তিনিচুকীয়াৰ বৰুৱাহোলাত পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই ১০ দিনীয়াকৈ আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা ৷ 13 মাৰ্চৰ পৰা 22 মাৰ্চলৈ অনুষ্ঠিত কৰা বিহু নাচৰ আখৰালৈ ওলাই আহিল ডেৰ শতাধিক নাচনী ৷ কণমানিগৰাকীৰ পৰা আৰম্ভ কৰি গাভৰুলৈকে এতিয়া বৰুৱাহোলাত ঢোলৰ-পেঁপাৰ লহৰত কঁকাল ভাঙি শিকিছে নাচিবলৈ, শিকিছে বিহুনাম জুৰিবলৈ ৷

কণমানিৰ পৰা গাভৰুলৈ বৰুৱাহোলাত ডিব্ৰুগড়ৰ পৰা আমন্ত্ৰণ কৰি অনা সংগীতা কোঁৱৰৰ নেতৃত্বত সংগীবৃন্দই প্ৰদান কৰা আখৰা চাবলৈ ভিৰ কৰিছেহি বৰুৱাহোলাবাসীয়ে ৷

লগতে পঢ়ক: ৰাংঢালিৰ সৈতে বিহু নচাত ব্যস্ত ক্লাওৰিয়া-লিটা-আয়েস্কা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.